
গুৱাহাটী, ২৭ জুন:
যুৱচামৰ বাবে বহনক্ষম নিয়োগ নিশ্চিত কৰিব পৰাকৈ উত্তৰ পূবত পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হ’ল ডিজিটেল মাৰ্কেটিঙৰ বিনামূলীয়া প্ৰশিক্ষণ পাঠ্যক্ৰম। ডিজিটেল মাৰ্কেটিঙৰ যোগেদিও যে এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰি ইয়াক লৈ যুৱচামক সজাগ কৰাৰ লগতে প্ৰশিক্ষণ দিয়াৰ দিহা কৰা হৈছে। গুৱাহাটীৰ দিছপুৰ ছুপাৰমাৰ্কেটস্থিত ডিজিটেল এন্ট অফিচত আগ্ৰহী শিক্ষাৰ্থী সকলক এই বিষয়ত প্ৰশিক্ষণ দিয়া হ’ব। অহা ৯জুলাই ২০১৯ ৰ পৰা প্ৰথম বৰ্ষৰ প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হ’ব।
ডিজিটিলেন্টৰ প্ৰতিষ্ঠাপক লগতে প্ৰশিক্ষক মনীষ চৌধুৰীয়ে জনায়- ‘ আমি বৰ্তমান সময়ত এনে এটা যুগত আছো যিটো সময়ত ইন্টাৰনেটৰ যোগেদি মানুহে সকলো পাই আৰু বৰ্তমান সময়ত ইন্টাৰনেটৰ জনপ্ৰিয়তাই ডিজিটেল মাৰ্কেটিংঙৰ বজাৰ খনত বিপুল সম্ভাৱনীয়তা কঢ়িয়াই আনিছে। কিন্তু বৰ্তমান সময়ত উত্তৰ পূবত ডিজিটেল মাৰ্কেটিঙৰ প্ৰসাৰ সীমিত হোৱাৰ বাবে ই কৰবাত নহয় কৰবাত ৰৈ গৈছে। সেইগতিকে আমি এই বিষয়ত সজাগতা আনিবৰ বাবে ডিজিটেল মাৰ্কেটিংঙ জ’ব নৰ্থ ইষ্ট আৰম্ভ কৰিছোঁ।’
আগ্ৰহীসকলে ৭৬৭০০০৩১১৩ নম্বৰত অথবা ডিজিটেল এন্টৰ ৱেবচাইট www.digitalant.in ত সৱিশেষ চাব পাৰে।